11.01.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল – তোমালোকে এজন পিতাৰ নিৰ্দেশনা অনুসৰি চলি থাকা তেতিয়া তোমালোকৰ কাৰণে পিতা দায়বদ্ধ হ’ব, পিতাৰ নিৰ্দেশ হৈছে চলোঁতে-ফুৰোঁতে মোক স্মৰণ কৰা”

প্ৰশ্ন:
যিসকল ভাল গুণৱান সন্তান তেওঁলোকৰ মুখ্য লক্ষণ কি হ’ব?
 

উত্তৰ:
তেওঁলোকে কাঁইটক ফুল কৰি তোলাৰ ভাল সেৱা কৰিব। কাকো কাঁইট হৈ নিবিন্ধিব, কেতিয়াও পৰস্পৰৰ মাজত কাজিয়া-পেচাল নকৰিব। কাকো দুখ নিদিব। দুখ দিয়াটোও কাঁইট হৈ বিন্ধাৰ দৰে।

গীত:
য়হ ৱক্ত যা ৰহা হ্যে.... (এই সময় গৈ আছে.....)

ওঁম্শান্তি।
অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা আত্মিক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰমানুসৰি এই গীতটিৰ অৰ্থ বুজিলে। ক্ৰমানুসৰি বুলি এই বাবেই কোৱা হয় কিয়নো কিছুমানেতো ফাৰ্ষ্ট গ্ৰেডত (সম্পূৰ্ণকৈ) বুজি পায়, কিছুমানে চেকেণ্ড গ্ৰেডত (অলপ কম), কিছুমানে থাৰ্ড গ্ৰেডত (অতি কমকৈ) বুজি পায়। বোধ শক্তিও প্ৰত্যেকৰে নিজৰ নিজৰ। নিশ্চয় বুদ্ধিও প্ৰত্যেকৰে নিজৰ নিজৰ। পিতাইতো বুজাই থাকে, এনেকৈয়ে সদায় বুজি লোৱা যে শিৱবাবাই এওঁৰ দ্বাৰা নিৰ্দেশনা দিয়ে। তোমালোকে আধাকল্প আসুৰি নিৰ্দেশনাত চলি আহিলা, এতিয়া এনেকৈ নিশ্চয় কৰা যে আমি ঈশ্বৰীয় নিৰ্দেশনা মতে চলিলে নাও পাৰ হৈ যাব। যদি ঈশ্বৰীয় নিৰ্দেশনা বুলি নুবুজি মনুষ্যৰ নিৰ্দেশনা বুলি বুজি লোৱা তেতিয়া মূৰ্ছিত (বিবুদ্ধিত) হৈ যাবা। পিতাই কয় - মোৰ নিৰ্দেশনা মতে চলিলে তেতিয়া তাৰ বাবে মই দ্বায়বদ্ধ হ’ম। এওঁৰ দ্বাৰা যি কৰ্মকাণ্ড হয়, তেওঁৰ এক্টিভিটিৰ (কৰ্মকাণ্ডৰ) বাবে ময়েই দায়বদ্ধ হওঁ, সেয়া মই শুদ্ধ কৰি ল’ম। তোমালোকে কেৱল মোৰ নিৰ্দেশনা মতে চলা। যিয়ে যথা ৰীতি স্মৰণ কৰিব তেৱেঁই নিৰ্দেশনা মতে চলিব। প্ৰতিটো খোজতে ঈশ্বৰীয় নিৰ্দেশনা বুলি বুজি চলিলে কেতিয়াও লোকচান নহ’ব। নিশ্চয় থাকিলেহে বিজয় হয়। বহুত সন্তানে এই কথাবোৰ বুজি নাপায়। কিছু জ্ঞান পোৱাৰ লগে-লগে দেহ-অভিমান আহি যায়। যোগ বহুত কম। জ্ঞানতো হৈছে ইতিহাস-ভূগোলক জনা, এয়াতো সহজ। ইয়াতো মনুষ্যই কিমান চাইঞ্চ (বিজ্ঞান) আদি পঢ়ে। এই পঢ়াতো সহজ, বাকী যোগতহে যত্ন কৰিবলগীয়া হয়।

যদি কোনোবাই কয় - বাবা মই যোগত বহুত নিচাত থাকোঁ তেন্তে সেয়া বাবাই মানি নল’ব। বাবাই প্ৰত্যেকৰে চাল-চলন লক্ষ্য কৰে। বাবাক স্মৰণ কৰা সকলতো ম’ষ্ট লাভলি (অতি মৰমিয়াল) হ’ব। স্মৰণ নকৰে সেয়েহে ওলোটা (বেয়া) কৰ্ম হৈ যায়। বহুত ৰাতি-দিনৰ পাৰ্থক্য আছে। এতিয়া তোমালোকে এই ছিড়িৰ চিত্ৰৰ ওপৰতো যথা ৰীতি বুজাব পাৰা। এই সময়ত হৈছে কাঁইটৰ জংঘল। এইখন বাগিচা নহয়। এয়াতো স্পষ্টকৈ বুজাব লাগে যে ভাৰত ফুলৰ বাগিচা আছিল। বাগিচাত বনৰীয়া জীৱ জন্তু থাকে জানো? তাততো দেৱী-দেৱতাসকল থাকে। পিতাতো হৈছেই হাইয়েষ্ট অথ’ৰিটি (উৰ্দ্ধতম কৰ্ত্তৃপক্ষ) আৰু ব্ৰহ্মাও হাইয়েষ্ট অথ’ৰিটি হৈ গ’ল। এই দাদা হৈছে সৰ্বোচ্চ অথ’ৰিটি। শিৱ আৰু প্ৰজাপিতা ব্ৰহ্মা। আত্মাসকল হৈছে শিৱবাবাৰ সন্তান আৰু সাকাৰত (শৰীৰধাৰী অৱস্থাত) আমি ভাই-ভনী সকলো প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। এওঁ হৈছে সকলোৰে গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ। এনেকুৱা হাইয়েষ্ট অথ’ৰিটিৰ বাবে আমাক ঘৰৰ প্ৰয়োজন। এনেকৈ তোমালোকে লিখা তেতিয়া দেখিবা বুদ্ধিত কিবা উদয় হৈছে।

শিৱবাবা আৰু প্ৰজাপিতা ব্ৰহ্মা, আত্মাসকলৰ পিতা আৰু সকলো মনুষ্য মাত্ৰৰ পিতা। বুজাবৰ বাবে এইটো পইণ্ট বহুত ভাল। কিন্তু সন্তানসকলে যথা ৰীতিৰে নুবুজে, পাহৰি যায়, জ্ঞানৰ অহংকাৰ আহি যায়। যেন বাপদাদাকো জয় কৰি লয়। এই দাদাই কয়, লাগিলে মোৰ কথা নুশুনিবা কিন্তু সদায় এনেকৈ বুজিবা যে শিৱবাবাই বুজায়, তেওঁৰ মতত চলা। ডাইৰেক্ট (পোনপটীয়াকৈ) ঈশ্বৰে মত দিয়ে যে এইটো-এইটো কৰা, তাৰ বাবে মই দায়বদ্ধ হ’ম। ঈশ্বৰীয় মতত চলা। এওঁ জানো ঈশ্বৰ, তোমালোকে ঈশ্বৰৰ পৰা পঢ়িব লাগে। সদায় বুজিবা যে এয়া ঈশ্বৰে নিৰ্দেশনা দিয়ে। এই লক্ষ্মী-নাৰায়ণো ভাৰতৰে মনুষ্য আছিল। এওঁলোকো সকলো মনুষ্যই হয়। কিন্তু এওঁলোক শিৱালয়ৰ নিবাসী সেয়েহে সকলোৱে নমস্কাৰ জনায়। কিন্তু সন্তানসকলে পুৰা নুবুজায়, নিজৰ নিচা বাঢ়ি যায়। ডিফেক্টতো (ক্ৰুটি) বহুতৰে আছে। যেতিয়া পুৰা যোগত থাকিব তেতিয়াহে বিকৰ্ম বিনাশ হ’ব। বিশ্বৰ মালিক হোৱাতো কোনো মাহীৰ ঘৰ (ইমান উজু) নহয়। বাবাই লক্ষ্য কৰে, মায়াই একেবাৰে নাকত ধৰি গাঁতত পেলাই দিয়ে। পিতাৰ স্মৃতিত বহুত আনন্দত প্ৰফুল্লিত হৈ থাকিব লাগে। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে, আমি এই লক্ষ্মী-নাৰায়ণৰ দৰে হৈ আছোঁ। পাহৰি গ’লে আনন্দৰ তীব্ৰতা নাবাঢ়ে। কয় আমাক নেষ্ঠাত বহুৱাওঁক (সন্মুখত বহি যোগাভ্যাস কৰাওঁক), বাহিৰত আমি স্মৰণ কৰিব নোৱাৰো। স্মৃতিত নাথাকে সেইবাবে বাবাই কেতিয়াবা-কেতিয়াবা প্ৰ’গ্ৰাম (কাৰ্যসূচী) পঠিয়াই দিয়ে কিন্তু স্মৃতিত বহে জানো, বুদ্ধি ইফালে-সিফালে ভ্ৰমি ফুৰে। বাবাই নিজৰ উদাহৰণ দিয়ে - নাৰায়ণৰ কিমান দৃঢ় ভক্ত আছিলোঁ, য’তে-ত’তে লগত নাৰায়ণৰ চিত্ৰ ৰাখিছিলোঁ। তথাপিও পূজাৰ সময়ত বুদ্ধি ইফালে-সিফালে গৈছিল। ইয়াতো তেনেকুৱা হয়। পিতাই কয় - চলোঁত-ফুৰোঁতে পিতাক স্মৰণ কৰা কিন্তু কিছুমানে কয় - নেষ্ঠা কৰোৱা। নেষ্ঠাৰতো কোনো অৰ্থই নাই। বাবাই সদায় কয় - স্মৃতিত থাকা, কিছুমান সন্তান নেষ্ঠাত বহি-বহি ধ্যানত গুছি যায়। জ্ঞানো নাথাকে, স্মৃতিও নাথাকে। নতুবা আকৌ কলমটিয়াবলৈ (টোপনিয়াবলৈ) ধৰে, বহুতৰে অভ্যাস হৈ গৈছে। এয়াতো অল্পকালৰ শান্তি হৈ গ’ল। বাকী গোটেই দিন অশান্তিত থাকে। চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ নকৰিলে পাপৰ বোজা কেনেকৈ আঁতৰিব? আধাকল্পৰ বোজা আছে। এই ক্ষেত্ৰতে বহুত যত্ন কৰিবলগীয়া হয়। নিজকে আত্মা বুলি ভাবা আৰু পিতাক স্মৰণ কৰা। যদিও বাবালৈ বহুত সন্তানে পত্ৰ লিখি পঠায় - ইমান সময় স্মৃতিত থাকিলোঁ কিন্তু স্মৃতি নাথাকে। চাৰ্ট (খতিয়ন) বুজিয়েই নাপায়। বাবা হৈছে বেহদৰ পিতা। পতিত-পাৱন হয় সেয়েহে আনন্দিত হৈ থাকিব লাগে। এনেকুৱা নহয় যে মইতো শিৱবাবাৰ হয়েই। এনেকুৱাও বহুত আছে, ভাবি লয় মইতো বাবাৰ হয়েই কিন্তু স্মৰণ একেবাৰেই নকৰে। যদি স্মৰণ কৰে তেতিয়াতো প্ৰথম স্থানত যাব লাগে। কাৰোবাক বুজাবলৈও বহুত উত্তম বুদ্ধিৰ প্ৰয়োজন। আমিতো ভাৰতৰ মহিমা কৰোঁ। নতুন সৃষ্টিত আদি সনাতন দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। এতিয়া হৈছে পুৰণি সৃষ্টি, আইৰণ এজ্‌ (লৌহ; কলি যুগ)। সেয়া সুখধাম, এয়া দুখধাম। ভাৰত গ’ল্ডেন এজ্‌ত (স্বৰ্ণিম যুগত) থাকোঁতে এই দেৱতাসকলৰ ৰাজ্য আছিল। এনেকৈ কয় যে আমি কেনেকৈ বুজিম যে এওঁলোকৰ ৰাজ্য আছিল? এই জ্ঞান বৰ ৱাণ্ডাৰফুল (আশ্চৰ্য্যজনক)। যাৰ ভাগ্যত যি আছে, যিয়ে যিমান পুৰুষাৰ্থ কৰে সেয়াতো দৃষ্টিগোচৰ হয়। তোমালোকে এক্টিভিটিৰ (কৰ্মকাণ্ডৰ) পৰা জানিব পাৰা, হওঁতে কলিযুগীসকলো মনুষ্য, সত্যযুগীসকলো মনুষ্য। আকৌ তেওঁলোকৰ আগত গৈ কিয় নতশিৰ হোৱা? তেওঁলোকক স্বৰ্গৰ মালিক বুলি নকয় জানো। কোনোবা মৰিলে কয় - অমুক স্বৰ্গবাসী হ’ল, এইটোও বুজি নাপায়। এই সময়ততো সকলো নৰকবাসী। নিশ্চয় পুনৰ্জন্মও ইয়াতেই ল’ব। বাবাই প্ৰত্যেকৰে চলন লক্ষ্য কৰি থাকে। বাবাইতো কিমান সাধাৰণ ৰীতিৰে কাৰ-কাৰ লগত কথা পাতিবলগীয়া হয়। চম্ভালিবলগীয়া হয়। পিতাই কিমান স্পষ্টকৈ বুজায়। বুজিও পায় যে কথাবোৰ একেবাৰে সঠিক। তথাপিও কিয় ডাঙৰ কাঁইট হৈ যায়। ইজনে সিজনক দুখ দিলে কাঁইট হৈ যায়। অভ্যাস ত্যাগ নকৰে। এতিয়া বাগিচাৰ মালিক পিতাই ফুলৰ বাগিচা তৈয়াৰ কৰে। কাঁইটক ফুল কৰি গঢ়ি থাকে। তেওঁৰ এইটোৱেই ধান্দা (কৰ্তব্য)। যি নিজেই কাঁইট হ’ব তেন্তে তেওঁ ফুল কেনেকৈ কৰি তুলিব? প্ৰদৰ্শনীতো বহুত সাৱধানে কাৰোবাক পঠিয়াব লাগে।

ভাল গুণৱান সন্তান সেইজনেই যিয়ে কাঁইটৰ পৰা ফুল কৰি তোলাৰ সেৱা ভালকৈ কৰে। কাকোৱেই কাঁইট হৈ নিবিন্ধে অৰ্থাৎ কাকো দুখ নিদিয়ে। কেতিয়াও পৰস্পৰৰ মাজত কাজিয়া-পেচাল নকৰে। তোমালোক সন্তানসকলে একেবাৰে এক্যুৰেট (সঠিককৈ) বুজোৱা। এই ক্ষেত্ৰত কাকো অপমান কৰাৰ কথা নাই। এতিয়া শিৱজয়ন্তীও আহি আছে। তোমালোকে বহুত প্ৰদৰ্শনী লগাই থাকা। সৰু-সৰু প্ৰদৰ্শনীতো বুজাব পাৰা। এক চেকেণ্ডত স্বৰ্গবাসী হোৱা অথবা পতিত ভ্ৰষ্টাচাৰীৰ পৰা পাৱন শ্ৰেষ্ঠাচাৰী হোৱা। এক চেকেণ্ডত জীৱন মুক্তি প্ৰাপ্ত কৰা। জীৱন মুক্তিৰো অৰ্থ বুজি নাপায়। তোমালোকেও এতিয়া বুজি পোৱা। পিতাৰ দ্বাৰা সকলোৱে মুক্তি, জীৱন মুক্তি লাভ কৰে। কিন্তু ড্ৰামাকো জানিব লাগে। সকলো ধৰ্মাৱলম্বী স্বৰ্গলৈ নাহে। তেওঁলোক নিজৰ-নিজৰ শাখাত গুছি যাব। আকৌ নিজৰ-নিজৰ সময়ত আহি স্থাপনা কৰিব। বৃক্ষৰ চিত্ৰত কিমান স্পষ্টকৈ আছে। এজন সৎগুৰুৰ বাহিৰে সৎগতি দাতা অন্য কোনো হ’ব নোৱাৰে। বাকী ভক্তি শিকাওঁতা অনেক গুৰু আছে। সৎগতিৰ বাবে মনুষ্য গুৰু হ’ব নোৱাৰে। কিন্তু বুজাবলৈও বুদ্ধি থাকিব লাগিব, এয়া বুদ্ধিৰে বুজিব লাগে। ড্ৰামা কিমান আশ্চৰ্য্যজনক খেল। তোমালোকৰ মাজতো বহুত কম সংখ্যকেহে এইটো নিচাত থাকে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

তোমালোকে বাস্তৱতে শাস্ত্ৰৰ ওপৰত যুক্তি তৰ্ক কৰাৰ প্ৰয়োজন নাই। মুখ্য কথা হৈছেই স্মৰণ কৰা, আৰু সৃষ্টিৰ আদি-মধ্য-অন্তক বুজি পোৱা। চক্ৰৱৰ্তী ৰজা হ’ব লাগে। এই চক্ৰকে কেৱল বুজিব লাগে, ইয়াৰেই গায়ন আছে চেকেণ্ডত জীৱনমুক্তি। তোমালোক সন্তানসকল আচৰিত হোৱা যে আধাকল্প ধৰি ভক্তি চলে। জ্ঞান লেখ মাত্ৰও নাই। জ্ঞানতো পিতাৰহে আছে। পিতাৰ দ্বাৰাহে জানিব লাগে। এই পিতা কিমান আনকমন (অসাধাৰণ) সেয়েহে কৌটিৰ মাজত কোনোবাহে ওলায়। সেই শিক্ষকে এনেকৈ ক’ব জানো! এওঁতো কয় - ময়েই পিতা, শিক্ষক, গুৰু। গতিকে মনুষ্যই শুনি আচম্বিত হৈ যাব। ভাৰতক মাদাৰকণ্ট্ৰি (মাতৃৰ দেশ) বুলি কয় কিয়নো অম্বাৰ নাম বহুত প্ৰখ্যাত। অম্বাৰ মেলাও বহুত হয়, অম্বা শব্দটি মিঠা। সৰু শিশুৱেও মাকক মৰম নকৰে জানো কাৰণ মাকেই খুৱায়, পিন্ধায়, চম্ভালে। এতিয়া অম্বাৰ পিতাও থাকিব নালাগিব জানো। এওঁতো তোলনীয়া জীয়ৰী। পতিতো নাই। এয়া হৈছে নতুন কথা। প্ৰজাপিতা ব্ৰহ্মাইতো নিশ্চয় তুলি ল’ব। এই সকলো কথা পিতাহে আহি তোমালোক সন্তানসকলক বুজায়। অম্বাৰ কিমান মেলা হয়, পূজা হয়, কিয়নো কন্যাটিয়ে বহুত সেৱা কৰিছে। মম্মাই যিমানক পঢ়ালে সিমানক আন কোনেও পঢ়াব নোৱাৰে। মম্মাৰ নাম প্ৰসিদ্ধ, মেলাও বহুত ডাঙৰ আয়োজন কৰে। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতাহে আহি ৰচনাৰ আদি-মধ্য-অন্তৰ গোটেই ৰহস্য তোমালোক সন্তানসকলক বুজাইছে। তোমালোকে পিতাৰ ঘৰৰ বিষয়েও জানিলা। পিতাৰ প্ৰতিও স্নেহ আছে গতিকে ঘৰৰ প্ৰতিও স্নেহ আছে। এই জ্ঞান তোমালোকে এতিয়া পাইছা। এই পঢ়াৰ দ্বাৰা কিমান উৰ্পাজন হয়। গতিকে আনন্দিত হোৱা উচিত নহয় জানো। আৰু তোমালোক হৈছা একেবাৰে সাধাৰণ। জগতৰ লোকে নাজানে, পিতা আহি এই জ্ঞান শুনায়। পিতাহে আহি সকলো নতুন-নতুন কথা সন্তানসকলক শুনায়। নতুন সৃষ্টি বেহদৰ পঢ়াৰ দ্বাৰা স্থাপন হয়। পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য আহি যায়। তোমালোক সন্তানসকলৰ জ্ঞানৰ আন্তৰিক আনন্দ থাকে। পিতা আৰু ঘৰক স্মৰণ কৰিব লাগে। ঘৰলৈতো সকলোৱে যাবই লাগিব। পিতাইতো সকলোকে ক’ব - সন্তানসকল, মই তোমালোকক মুক্তি, জীৱন মুক্তিৰ উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। আকৌ পাহৰি যোৱা কিয়। মই তোমালোকৰ বেহদৰ পিতা হওঁ। ৰাজযোগ শিকাবলৈ আহিছোঁ। তেন্তে তোমালোকে জানো শ্ৰীমতত নচলিবা! নহ’লেতো বহুত লোকচান হৈ যাব। এয়া হৈছে বেহদৰ লোকচান। পিতাৰ হাত এৰিলে উৰ্পাজনত লোকচান হৈ যাব। ভাল বাৰু শুভৰাত্ৰি। ওঁম্‌ শান্তি।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ স্মৃতিৰে ম’ষ্ট লাভলি (অতি মৰমিয়াল) হ'ব লাগে। চলোঁতে-ফুৰোঁতে, কৰ্ম কৰোঁতে স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। পিতাৰ স্মৃতি আৰু আনন্দত প্ৰফুল্লিত হৈ থাকিব লাগে।

(2) খোজে প্ৰতি ঈশ্বৰীয় নিৰ্দেশনা অনুসৰি চলি প্ৰতিটো কাৰ্য কৰিব লাগে। নিজৰ অহংকাৰ (দেহ অভিমানৰ নিচা) দেখুৱাব নালাগে। কোনোধৰণৰ ওলোটা (বেয়া) কৰ্ম কৰিব নালাগে। মূৰ্ছিত (বিবুদ্ধিত) হ'ব নালাগে।

বৰদান:
বিশ্ব কল্যাণৰ দায়িত্ব বুজি সময় আৰু শক্তিৰ ইক’নমি (মিতব্যয়) কৰোঁতা মাষ্টৰ ৰচয়িতা হোৱা

বিশ্বৰ সকলো আত্মাই তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ পৰিয়াল হয়, যিমান ডাঙৰ পৰিয়াল হয় সিমানে ইক’নমি (মিতব্যয়ী) হোৱাৰ খেয়াল ৰখা হয়। সেয়েহে সকলো আত্মাক সন্মুখত ৰাখি, নিজক বেহদৰ সেৱাৰ্থে নিমিত্ত বুলি বুজি নিজৰ সময় আৰু শক্তিসমূহক কাৰ্যত লগোৱা। কেৱল নিজৰ বাবেই উৰ্পাজন কৰিলা, খালা আৰু শেষ কৰিলা – এনেকুৱা অমনোযোগী নহ'বা। সকলো খাজনাৰ বাজেট প্ৰস্তুত কৰা। “মাষ্টৰ ৰচয়িতা” হোৱাৰ বৰদানক স্মৃতিত ৰাখি সময় আৰু শক্তিৰ ষ্টক (ভঁৰাল) সেৱাৰ বাবে জমা কৰা।
 

স্লোগান:
মহাদানী সেইজন যাৰ সংকল্প আৰু বাণীৰ দ্বাৰা সকলোৱে বৰদানৰ প্ৰাপ্তি কৰে।
 


অব্যক্ত স্থিতিত অনুভৱ কৰাৰ বাবে বিশেষ হোমৱৰ্ক
ফৰিস্তা বা অব্যক্ত জীৱনৰ বিশেষত্ব হৈছে - ইচ্ছা মাত্ৰম অবিদ্যা (ইচ্ছাৰহিত অৱস্থা)। দেৱতাৰ জীৱনততো ইচ্ছাৰ কথাই নাই। যেতিয়া ব্ৰাহ্মণ জীৱন তথা ফৰিস্তা জীৱন হৈ যায় অৰ্থাৎ কৰ্মাতীত স্থিতি প্ৰাপ্ত হৈ যায় তেতিয়া যি কোনো শুদ্ধ কৰ্ম, ব্যৰ্থ কৰ্ম, বিকৰ্ম বা পূৰ্বৰ কৰ্ম, কোনো প্ৰকাৰৰ কৰ্মৰ বন্ধনত বান্ধ খাব নোৱাৰে।