10.04.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল – পতিত জগতৰ পৰা সম্পৰ্ক ত্যাগ কৰি এজন পিতাৰ লগত বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তোলা তেতিয়া মায়াৰ লগত পৰাজিত হ’ব নোৱাৰা”

প্ৰশ্ন:
সমৰ্থ পিতা লগত থকা সত্ত্বেও যজ্ঞত অনেক বিঘিনি কিয় আহে? কাৰণ কি?

উত্তৰ:
এই বিঘিনিসমূহতো নাটক অনুসৰি আহিবই কিয়নো যেতিয়া যজ্ঞত অসুৰে বিঘিনি আনিব তেতিয়াহে পাপৰ কলহ পূৰ্ণ হ’ব। এই ক্ষেত্ৰত পিতাই একো কৰিব নোৱাৰে। এয়াতো নাটকত নিৰ্ধাৰিত হৈ আছে। বিঘিনি আহিবই কিন্তু বিঘিনিক তোমালোকে ভয় কৰিব নালাগে।

গীত:
কৌন হে মাতা, কৌন হে পিতা….. (মাতা কোন, পিতা কোন…..)

ওঁম্শান্তি।
সন্তানসকলে বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতাৰ আদেশ শুনিলা। এয়া যি এই জগতৰ মম্মা-বাবা, এয়া যি তোমালোকৰ সম্বন্ধ, সেয়া দেহৰ লগত কিয়নো দেহৰ সৈতে প্ৰথমতে মাৰ, তাৰপাছত পিতাৰ আকৰ্ষণ হয় আকৌ পাছত ভাই-বন্ধু আদিৰ হয়। সেয়েহে বেহদৰ পিতাই ক’ব বিচাৰে যে এই জগতত তোমালোকৰ যি মা-পিতা আছে তেওঁলোকৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিয়া। এই জগতৰ সৈতে সম্বন্ধ নাৰাখিবা কিয়নো এই সকলোবোৰ হৈছে কলিযুগী ছিঃ ছিঃ সম্বন্ধ। জগত অৰ্থাৎ সৃষ্টি। এই পতিত সৃষ্টিৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি মোৰ অৰ্থাৎ এজনৰ লগত সম্বন্ধ গঢ়া আৰু নতুন সৃষ্টিৰ লগত গঢ়া, কিয়নো এতিয়া তোমালোক মোৰ ওচৰলৈ আহিব লাগে। কেৱল সম্বন্ধ গঢ়াৰ কথা আৰু কোনো কথা নাই আৰু কোনো কষ্ট নাই। সম্বন্ধ তেওঁলোকে গঢ়িব যিসকলে নিৰ্দেশনা পায়। সত্যযুগত প্ৰথমতে সম্বন্ধ ভাল হয়, সতোপ্ৰধান হয় আকৌ লাহে লাহে অৱনমিত হয়। পাছত যি সুখৰ সম্বন্ধ থাকে সেয়া লাহে লাহে কমি যায়। এতিয়াতো একেবাৰে এই পুৰণি সৃষ্টিৰ পৰা সম্বন্ধ এৰিব লাগে। পিতাই কয় যে মোৰ সৈতে সম্বন্ধ গঢ়া। শ্ৰীমতত চলা আৰু যি দেহৰ সম্বন্ধ আছে সেই সকলোবোৰ ত্যাগ কৰা। বিনাশতো হ’বই। সন্তানসকলে জানে যে পিতা যাক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়, তেৱোঁ নাটক অনুসৰি সেৱা কৰে। তেৱোঁ নাটকৰ বন্ধনত বান্ধ খাই আছে। মনুষ্যইতো ভাবে তেওঁ সৰ্বশক্তিমান হয়। যেনেকৈ কৃষ্ণকো সৰ্বশক্তিমান বুলি মানে। তেওঁক স্বদৰ্শন চক্ৰ দি দিছে। ভাবে যে ইয়াৰ দ্বাৰা শিৰশ্ছেদ কৰে। কিন্তু এইটো বুজি নাপায় যে দেৱতাসকলে হিংসাত্মক কাম কেনেকৈ কৰিব? তেওঁলোকেতো কৰিব নোৱাৰে। দেৱতাসকলৰ বাবেতো কোৱা হয় - অহিংসা পৰম ধৰ্ম। তেওঁলোকৰ আকৌ হিংসা ক’ৰপৰা আহিল? যাৰ মনত যি আহিল সেয়াই বহি লিখি দিছে। কিমান ধৰ্মৰ গ্লানি কৰিছে। পিতাই কয় - এই শাস্ত্ৰসমূহততো সত্যৰ পৰিমাণ একেবাৰে আটাত নিমখৰ পৰিমাণৰ দৰে। এইটোও লিখা আছে যে ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচিছিল। তাত অসুৰে বিঘিনি আনিছিল। অবলাসকলৰ ওপৰত অত্যাচাৰ হৈছিল। সেয়াতো ঠিকেই লিখা আছে। এতিয়া তোমালোকে বুজি পোৱা - শাস্ত্ৰত সত্য কি অসত্য কি। ভগৱানে নিজেই কয় - এই ৰুদ্ৰ জ্ঞান যজ্ঞত বিঘিনি নিশ্চয় আহিব। নাটকত নিৰ্ধাৰিত হৈ আছে। এনেকুৱা নহয় যে পৰমাত্মা লগত আছে গতিকে বিঘিনি আঁতৰাই দিব! এই ক্ষেত্ৰত পিতাই কি কৰিব! নাটকত হ’বলগীয়া আছেই। এই সকলোৱে বিঘিনি আনিলে তেতিয়াহে পাপৰ কলহ পূৰ্ণ হ’ব। পিতাই বুজায় - নাটকত যি নিৰ্ধাৰিত হৈ আছে সেয়াই হ’ব। অসুৰে বিঘিনি নিশ্চয় আনিব। যিহেতু আমাৰ ৰাজধানী স্থাপন হৈ আছে। আধাকল্প মায়াৰ ৰাজ্যত মনুষ্য কিমান তমোপ্ৰধান বুদ্ধিৰ, ভ্ৰষ্টাচাৰী হৈ যায়। পুনৰ তেওঁলোকক শ্ৰেষ্ঠাচাৰী কৰি তোলাতো পিতাৰ কাম। ভ্ৰষ্টাচাৰী হ’বলৈ আধাকল্প লাগে। আকৌ এক ছেকেণ্ডত পিতাই শ্ৰেষ্ঠাচাৰী কৰি তোলে। নিশ্চয় হ’বলৈ সময় লাগে জানো। এনেকুৱা বহুত ভাল সন্তান আছে যাৰ নিশ্চয় হৈ যায়, তৎক্ষণাৎ প্ৰতিজ্ঞা কৰে, কিন্তু মায়াওতো পালোৱান, নহয় জানো। কিবা নহয় কিবা মনত ধুমুহা আনে। পুৰুষাৰ্থ কৰি কৰ্মত আনিব নালাগে। সকলোৱে পুৰুষাৰ্থ কৰি আছে। কৰ্মাতীত অৱস্থাতো হোৱা নাই। কিবা নহয় কিবা কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা হৈ যায়। কৰ্মাতীত অৱস্থাত উপনীত নোহোৱালৈকে মাজত বিঘিনি নিশ্চয় আহিব। পিতাই বুজাইছে - পুৰুষাৰ্থ কৰি কৰি শেষত গৈ কৰ্মাতীত অৱস্থা হয়, তেতিয়াতো এই শৰীৰত থাকিব নালাগে, সেইবাবে সময় লাগে। কিবা নহয় কিবা বিঘিনি আহে। ক’ৰবাত মায়াই হৰুৱায়ো দিয়ে। মুষ্টিযুদ্ধ (বক্সিং) হয় নহয় জানো। বিচাৰে যে বাবাৰ স্মৃতিত থাকোঁ কিন্তু থাকিব নোৱাৰে। যি অলপ সময় বাকী আছে, লাহে লাহে সেইটো অৱস্থা ধাৰণ কৰিব লাগে। কোনোবা জন্ম হওঁতেই ৰজাতো নহয়। সৰু শিশু লাহে লাহে ডাঙৰ হ’ব নহয় জানো, ইয়াতো সময় লাগে। এতিয়াতো বাকী অলপ সময় আছে। সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। মনোযোগ দিব লাগে, আমি যিকোনো উপায়েৰে পিতাৰপৰা উত্তৰাধিকাৰ নিশ্চয় ল’ম। মায়াৰ বিৰোধিতা নিশ্চয় কৰিম সেইবাবে প্ৰতিজ্ঞা কৰে। মায়াও কম নহয়। অতি সাধাৰণ ৰূপতো আহে। শক্তিশালীজনৰ আগত জোৰেৰে প্ৰহাৰ কৰে। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। পিতাই কয় যে তোমালোক সন্তানসকলক এতিয়া বুজাওঁ। পিতাৰ দ্বাৰা তোমালোকে সৎগতি লাভ কৰা। পাছত এই জ্ঞানৰ প্ৰয়োজনেই নাথাকে। জ্ঞানৰ দ্বাৰা সৎগতি হৈ যায়। সৎগতি বুলি কোৱা হয় সত্যযুগক।

গতিকে মৰমৰ সন্তানসকলে লক্ষ্য প্ৰাপ্ত কৰিছে - এইটোও বুজি পায় যে নাটক অনুসৰি বৃক্ষৰ বৃদ্ধি হ’বলৈ সময়তো লাগিবই। বিঘিনিতো বহুত আহে পৰিৱৰ্তন হ’বলগীয়া হয়। কড়িৰ পৰা হীৰাতুল্য হ’বলগীয়া হয়। ৰাতি-দিনৰ পাৰ্থক্য আছে। দেৱতাসকলৰ মন্দিৰ এতিয়াও নিৰ্মাণ কৰি থাকে। তোমালোক ব্ৰাহ্মণসকলে এতিয়া মন্দিৰ নিৰ্মাণ নকৰা কিয়নো সেয়া হৈছে ভক্তিমাৰ্গ। জগতে এইটো গমেই নাপায় যে এতিয়া ভক্তি মাৰ্গ শেষ হৈ জ্ঞান মাৰ্গ জিন্দাবাদ হ’ব। এইটো কেৱল তোমালোক সন্তানসকলে গম পোৱা। মনুষ্যইতো ভাবে যে কলিযুগ এতিয়া কেঁচুৱা। তেওঁলোকৰ সকলো শাস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোক সন্তানসকলকতো পিতাই বহি সকলো বেদ-শাস্ত্ৰৰ ৰহস্য বুজায়। পিতাই কয় - এতিয়ালৈকে তোমালোকে যি পঢ়িছা সেই সকলোবোৰ পাহৰি যোৱা। তাৰ দ্বাৰা কাৰো সৎগতি নহয়। খুব বেছি অল্পকালৰ বাবে সুখ পাই আহিছে। সদায় সুখেই সুখ পাব এনেকুৱাতো হ’ব নোৱাৰে। এয়া হৈছে ক্ষণ ভংগুৰ সুখ। মনুষ্য দুখত থাকে। মনুষ্যই এইটো নাজানে যে সত্যযুগত দুখৰ নাম চিহ্ন নাথাকে। তেওঁলোকে তাৰ (স্বৰ্গৰ) বাবেও এনেকুৱা কথাই কৈ দিছে। তাত কৃষ্ণপুৰীত কংস আছিল, এইটো আছিল…। কৃষ্ণই জেলত জন্ম ল’লে। বহুত কথা লিখি দিছে। এতিয়া শ্ৰীকৃষ্ণ হৈছে স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ, তেওঁ কি পাপ কৰিলে? এইবোৰ হৈছে মুখৰোচক কথা, তাকো তোমালোকে এতিয়া বুজি পোৱা যেতিয়া পিতাই সত্য কথা শুনাইছে। পিতাহে আহি সঁচাখণ্ড স্থাপন কৰে। সঁচাখণ্ডত কিমান সুখ আছিল, মিছাখণ্ডত কিমান দুখ। এই সকলোবোৰ পাহৰি গ’ল। তোমালোকে জানা যে আমি শ্ৰীমতত সঁচাখণ্ড স্থাপন কৰি তাৰ মালিক হ’মগৈ।

পিতাই বুজায়, এনেকৈ শ্ৰীমতত চলিলে তোমালোকে উচ্চ পদ লাভ কৰিব পাৰিবা। সন্তানসকলে এইটো জানে যে আমি এই পঢ়া পঢ়ি সূৰ্যবংশী মহাৰজা মহাৰাণী হ’ব লাগে। উচ্চ পদ পাবলৈ সকলোৰে অন্তৰেও বিচাৰে। সকলোৰে পুৰুষাৰ্থ চলে। ভাল পৈণত ভক্ত যিসকল থাকে তেওঁলোকে চিত্ৰ লগত ৰাখে গতিকে প্ৰতি মুহূৰ্ততে তেওঁ স্মৃতিত আহি থাকিব। পিতায়ো কয় - ত্ৰিমূৰ্তিৰ চিত্ৰ লগত ৰাখিলে প্ৰতি মুহূৰ্ততে স্মৃতিত আহি থাকিব। পিতাক স্মৰণ কৰি থাকিলে আমি সূৰ্যবংশী কুলত আহি যাম। কোঠালিত ত্ৰিমূৰ্তিৰ চিত্ৰ আঁৰি থ’লে তেতিয়া বাৰে বাৰে সন্মুখলৈ দৃষ্টি যাব। বাবাৰ দ্বাৰা আমি এই সূৰ্যবংশী কুলত যাম। ৰাতিপুৱা উঠিয়েই দৃষ্টি তালৈ যাব। এইটোও এটা পুৰুষাৰ্থ। বাবাই ৰায় দিয়ে - ভাল ভাল ভক্তই বহুত পুৰুষাৰ্থ কৰে। চকু মেলাৰ লগে লগে যাতে কৃষ্ণ স্মৃতিত আহি যায়, সেইবাবে চিত্ৰ সন্মুখত ৰাখি দিয়ে। তোমালোকৰ বাবেতো আৰুহে সহজ। যদি সহজে স্মৃতিত নাহে, মায়াই হায়ৰাণ কৰে তেন্তে এই চিত্ৰই সহায় কৰিব। শিৱবাবাই আমাক ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ মালিক কৰি তোলে। আমি বাবাৰ দ্বাৰা বিশ্বৰ মালিক হৈ আছোঁ। এইটো স্মৃতিত থাকিলেও বহুত সহায় পাবা। যিসকল সন্তানে ভাবে যে বাৰে বাৰে স্মৃতি পাহৰি যাওঁ তেন্তে বাবাই ৰায় দিয়ে - চিত্ৰ সন্মুখত আঁৰি দিয়া তেতিয়া পিতাও আৰু উত্তৰাধিকাৰো স্মৃতিলৈ আহি যাব। কিন্তু ব্ৰহ্মাক স্মৰণ কৰিব নালাগে। বিবাহ কৰিলে জানো দালাল স্মৃতিলৈ আহে। তোমালোকে বাবাক ভালদৰে স্মৰণ কৰা তেতিয়া বাবায়ো তোমালোকক স্মৰণ কৰিব। স্মৃতিয়ে স্মৃতি ওপজায়। এতিয়া প্ৰেমিকৰ বৃত্তি তোমালোকে জানা। শিৱৰ কিমান অনেক ভক্ত আছে। শিৱ শিৱ বুলি কৈ থাকে। কিন্তু সেইটো ভুল - শিৱকাশী, বিশ্বনাথ আকৌ গংগা বুলি কৈ দিয়ে। নদীৰ (পানীৰ) দাঁতিত গৈ বহেগৈ। এইটো বুজি নাপায় যে জ্ঞানৰ সাগৰ হৈছে পিতা। বাৰনসীত বহুত বিদেশী আদিয়ে চাবলৈ যায়। ডাঙৰ ডাঙৰ ঘাট আছে তথাপিও সকলোকে পিতাৰ মন্দিৰে আকৰ্ষিততো কৰে। সকলো তেওঁৰ ওচৰলৈ যায়। মন্দিৰতো কাৰো ওচৰলৈ নাযাব। মন্দিৰৰ দেৱতাসকলে আকৰ্ষিত কৰে। শিৱবাবায়ো আকৰ্ষিত কৰে। এক নম্বৰ হ’ল শিৱবাবা, তাৰ পিছত দ্বিতীয় নম্বৰত এই ব্ৰহ্মা, সৰস্বতীৰ তথা বিষ্ণু। বিষ্ণুৰ পৰা ব্ৰহ্মা। ব্ৰাহ্মণৰ পৰা বিষ্ণুপুৰীৰ দেৱতা। বিষ্ণুপুৰীৰ দেৱতাৰ পৰা ব্ৰাহ্মণ। এতিয়া তোমালোকৰ বৃত্তি হৈছে, আমি যেনেকৈ দেৱতা হৈ আছোঁ ঠিক তেনেকৈ আনকো ৰাস্তা দেখুৱাব লাগে। বাকী সকলো হৈছে জংঘললৈ লৈ যাওঁতা। তোমালোকে জংঘলৰ পৰা উলিয়াই বাগিচালৈ লৈ যোৱা। শিৱবাবা আহি কাঁইটক ফুল কৰি তোলে। তোমালোকেই এইটো বেপাৰ কৰা। এই কথাবোৰ তোমালোকেহে জানা। কোনো ৰজা-ৰাণীতো নাই যাক তোমালোকে বুজাবা। গায়ন কৰা হৈছে যে পাণ্ডৱসকলে তিনিখোজ ভূমিও (অলপো গুৰুত্ব) পোৱা নাছিল। পিতা সমৰ্থ আছিল সেইবাবে তেওঁলোকক বিশ্বৰ বাদশ্বাহী দি দিলে। এতিয়াও সেয়াই ভূমিকা ৰূপায়ণ হ’ব নহয় জানো। পিতা হৈছে গুপ্ত। কৃষ্ণৰ ক্ষেত্ৰততো কোনো বিঘিনি আহিব নোৱাৰে। এতিয়া পিতা আহিছে, আহি পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে, ইয়াৰ বাবে পৰিশ্ৰম কৰিবলগীয়া হয়। দিনে প্ৰতিদিনে নতুন নতুন কথা ওলাই থাকে। দেখিবলৈ পোৱা যায়, প্ৰদৰ্শনীত বুজালে ভাল প্ৰভাৱ পৰে। বুদ্ধিৰে গম লোৱা হয় যে প্ৰদৰ্শনীৰ দ্বাৰা ভাল প্ৰভাৱ পৰে নে প্ৰজেক্টৰৰ দ্বাৰা? প্ৰদৰ্শনীত বুজালে চেহেৰা চাই বুজাব পৰা যায়। বুজি পোৱা যে গীতাৰ ভগৱান পিতা গতিকে পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ পুৰুষাৰ্থ কৰিব লাগে। 7 দিন দিব লাগে। লিখি দিয়া। নহ’লে বাহিৰলৈ গ’লেই মায়াই পাহৰাই দিব। তোমালোকৰ বুদ্ধিত আহি গ’ল - আমি 84ৰ চক্ৰ পৰিক্ৰমা কৰিছোঁ, এতিয়া যাব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে। এই চিত্ৰতো লগত থাকিবই লাগে। বহুত ভাল। বিৰলজনেও এইটো নাজানে যে এই লক্ষ্মী-নাৰায়ণে এই ৰাজ্য-ভাগ্য কেতিয়া আৰু কেনেকৈ ল’লে। তোমালোকে জানা সেয়েহে তোমালোক বহুত আনন্দিত থোৱা উচিত। লক্ষ্মী-নাৰায়ণৰ চিত্ৰ লৈ, তৎক্ষণাৎ কাৰোবাক বুজোৱা। তেওঁলোকে কেনেকৈ পদ পালে? এই কথাবোৰ বুদ্ধিৰে বুজিব আৰু বুজাব লাগে। লক্ষ্য অতি উচ্চ। যি যেনেকুৱা শিক্ষক তেওঁ তেনেকুৱাই সেৱা কৰে। বাবাই লক্ষ্য কৰে – কোনে কোনে সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান লৈ আছে, নিজৰ অৱস্থা অনুসৰি। নিচাতো সকলোৰে আছে। কিন্তু বিবেকে কয় বুজাঁওতাজন যিমান বুদ্ধিমান হ’ব সিমান সেৱা ভাল হ’ব। সকলোতো বুদ্ধিমান হ’ব নোৱাৰে। সকলোৱে এনেধৰণৰ শিক্ষক পাব নোৱাৰে। যেনেকৈ কল্প পূৰ্বে চলিছিল তেনেকৈয়ে চলি আছে। পিতাই কয় - নিজৰ অৱস্থা গঢ়ি থাকা। এয়া কল্প কল্পৰ বাজী। দেখিবলৈ পোৱা যায় - কল্প পূৰ্বৰ দৰে প্ৰত্যেকৰে পুৰুষাৰ্থ চলি আছে। যি কিছু হয় - আমি কৈ দিওঁ কল্প পূৰ্বেও এনেকুৱা হৈছিল। আকৌ আনন্দিতো হৈ থাকে, শান্তিও থাকে। পিতাই কয় কৰ্ম কৰি থাকিও পিতাক স্মৰণ কৰা। বুদ্ধিৰ যোগসূত্ৰ তাত ওলমি থাকিব লাগে তেতিয়া বহুত কল্যাণ হ’ব, যিয়ে কৰিব তেৱেঁ পাব। ভাল কৰিলে ভাল পাব। মায়াৰ মতত সকলোৱে বেয়াই কৰি আহিছে। এতিয়া শ্ৰীমত পোৱা যায়। ভাল কৰা তেতিয়া ভাল হ’ব। প্ৰত্যেকেই নিজৰ কাৰণে পৰিশ্ৰম কৰে। যেনেকুৱা কৰিব তেনেকুৱা পাব। কিয়নো আমি যোগযুক্ত হৈ সেৱা কৰি নাথাকোঁ। যোগৰ দ্বাৰা আয়ুস বৃদ্ধি হ’ব। স্মৃতিৰ যাত্ৰাৰে নিৰোগী হ’ব লাগে তেন্তে কিয়নো আমি বাবাৰ স্মৃতিত নাথাকোঁ! এয়া যথাৰ্থ কথা তেন্তে কিয়নো আমি চেষ্টা নকৰোঁ। জ্ঞানতো একেবাৰে সহজ। সৰু শিশুৱেও বুজি পায় আৰু বুজায়। কিন্তু সিহঁত যোগীতো নহ’ল নহয় জানো। এইটোতো দৃঢ় কৰাব লাগে যে পিতাক স্মৰণ কৰা। যিসকলে ভাবে যে বাৰে বাৰে পাহৰি যাওঁ তেন্তে চিত্ৰ ৰাখি দিয়া, সেয়াও ভাল। ৰাতিপুৱা চিত্ৰ দেখিলেই স্মৃতি আহি যাব। শিৱবাবাৰ পৰা আমি বিষ্ণুপুৰীৰ উত্তৰাধিকাৰ লৈ আছোঁ। এই ত্ৰিমূৰ্তিৰ চিত্ৰ হৈছে মুখ্য, যাৰ অৰ্থতো তোমালোকে এতিয়া বুজিছা। জগতত এনেকুৱা ত্ৰিমূৰ্তিৰ চিত্ৰ অন্য কাৰো ওচৰত নাই। এয়াতো একেবাৰে সহজ। আমি লিখোঁ বা নিলিখোঁ। এয়াতো সকলোৱে জানে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা প্ৰতিপালন। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়াৰ মুষ্টিযুদ্ধত (বক্সিংত) কেতিয়াও যাতে পৰাজয় নহয় – এইটো ধ্যান ৰাখিব লাগে। কল্প পূৰ্বৰ স্মৃতিৰে নিজৰ অৱস্থা গঢ়ি তুলিব লাগে। আনন্দিত হৈ আৰু শান্তিত থাকিব লাগে।

(2) নিজৰ ভাল কৰিবলৈ শ্ৰীমতত চলিব লাগে। এই পুৰণি সৃষ্টিৰ পৰা সম্বন্ধ ছিঙি দিব লাগে। মায়াৰ ধুমুহাৰ পৰা ৰক্ষা পাবলৈ চিত্ৰ সন্মুখত ৰাখি পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে।

বৰদান:
নিৰ্বল আত্মাসকলক শক্তিৰ প্ৰবাহ যোগান ধৰোঁতা জ্ঞান-দাতা তথা বৰদাতা হোৱা

বৰ্তমান সময়ত নিৰ্বল আত্মাসকলৰ ইমান শক্তি নাই যে জপিয়াব পাৰিব, তেওঁলোকক অতিৰিক্ত প্ৰবাহ (শক্তি)ৰ আৱশ্যক। সেয়েহে তোমালোক বিশেষ আত্মাসকলে নিজৰ মাজত বিশেষ শক্তি ভৰাই তেওঁলোকক উচ্চলৈ জপিওৱাত সহায় কৰিব লাগে। ইয়াৰ বাবে জ্ঞান দাতাৰ লগতে শক্তিসমূহৰ বৰদাতা হোৱা। ৰচয়িতাৰ প্ৰভাৱ ৰচনাৰ ওপৰত পৰে সেইকাৰণে বৰদানী হৈ নিজৰ ৰচনাক সৰ্ব শক্তিৰ বৰদান দিয়া। এতিয়া এইটো সেৱাৰ আৱশ্যকতা আছে।

স্লোগান:
সাক্ষী হৈ সকলো খেল প্ৰত্যক্ষ কৰা তেতিয়া সুৰক্ষিত হৈও থাকিবা আৰু উপভোগো কৰিবা।